Mur Xopun

Mur Xopun Lyrics

Mur Xopun  by Bhaskar Opswel, Aakangkhya Das

Song  ·  368,854 Plays  ·  4:01  ·  Assamese

© 2021 Prag Music

Mur Xopun Lyrics

হেঁপাহৰ কিনো আৱেগ!
জিলিকে তোমাৰো দাপোণ
তোমাতেই থমকি ৰয় মোৰ সপোন
নীলিমাৰ আঁৰত কিয়
হেৰোৱা অতীতে কয়
"ভাৱনাৰ সাগৰ তুমি মোৰ হয়"?

অ′, কঁপা কঁপা ওঁঠে কিনো কয়?
অ', জানো আজি তুমি মোৰে হয়?

"সপোনৰো শেষ নাই"- ৰ′দে কয়
ভালপোৱাৰ ৰ'দালি তুমি হয়

একাঁজলি সপোনে দুচকুতে গোপনে
উশাহত মৰমে জীয়ায়
অভিমানী হৃদয়ে আলফুলে-গুপুতে
কিয়নো মনে মোৰ বিচাৰে তোমাকে!

"সপোনৰো শেষ নাই"- ৰ'দে কয়
ভালপোৱাৰ ৰ′দালি তুমি হয়

সাতোৰঙী ৰঙেৰে বোলালাহি তুমিয়েই
ৰামধেনু মৰমৰ ভাঁজতে
গুঁঠি দিলা কবিতাৰে ক′ব খোজা কথাৰে
নুবুজা কথাবোৰ অজানিতে তুমিয়েই

অ', কঁপা কঁপা ওঁঠে কিনো কয়?
অ′, জানো আজি তুমি মোৰে হয়?

"সপোনৰো শেষ নাই"- ৰ'দে কয়
ভালপোৱাৰ ৰ′দালি তুমি হয়

Writer(s): Pinkal Pratyush<br>Lyrics powered by www.musixmatch.com


More from Mur Xopun

Loading

You Might Like

Loading


4m 1s  ·  Assamese

© 2021 Prag Music

FAQs for Mur Xopun