Tomar Kotha

Tomar Kotha Lyrics

Tomar Kotha  by Papon, Keshab Nayan

Song  ·  2,607,144 Plays  ·  4:37  ·  Assamese

© 2020 Papon

Tomar Kotha Lyrics

তোমাৰ কথা ভাবিলেই জানা
জোনাক উপচি পৰে!
বুকুৰ সিপাৰে এহেজাৰ গোলাপে
ৰঙা ৰঙা কলি মেলে

ছায়া হৈ আহাঁ এবাৰ কাষৰলে′
দিঠকত নেলাগে আহিবলে'
সপোনত আহাঁ এবাৰ কাষৰলে′

তোমাৰ কথা ভাবিলেই জানা
জোনাক উপচি পৰে!
বুকুৰ সিপাৰে এহেজাৰ গোলাপে
ৰঙা ৰঙা কলি মেলে

এটি বেলি-ফোঁটে কাণে-কাণে মোক ক'লে
তুমি-মই একেটি হোৱাৰে
সেই বেলি-ফোঁটে ওৰে নিশা মোক আহি
জোকালে, জুৰুলা কৰিলে

ছায়া হৈ আহাঁ এবাৰ কাষৰলে'
দিঠকত নেলাগে আহিবলে′
সপোনত আহাঁ এবাৰ কাষৰলে′

তোমাৰ কথা ভাবিলেই জানা
জোনাক উপচি পৰে!
বুকুৰ সিপাৰে এহেজাৰ গোলাপে
ৰঙা ৰঙা কলি মেলে

আজি কাঁচি-জোনে গুপুতে আহি মোক ছুলে
এন্ধাৰত টোপনি ভাঙিলে
তৰা ফুলা ৰাতি তোমাক বাছি বাছি ক'লে
তুমি নাই, ক′তো নাই, নোহোৱাৰে

ছায়া হৈ আহাঁ এবাৰ কাষৰলে'
দিঠকত নেলাগে আহিবলে′
সপোনত আহাঁ এবাৰ কাষৰলে'

তোমাৰ কথা ভাবিলেই জানা
জোনাক উপচি পৰে!
বুকুৰ সিপাৰে এহেজাৰ গোলাপে
ৰঙা ৰঙা কলি মেলে

Writer(s): Keshab Nayan<br>Lyrics powered by www.musixmatch.com


More from Tomar Kotha

Loading

You Might Like

Loading


4m 37s  ·  Assamese

© 2020 Papon

FAQs for Tomar Kotha